মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Social Justice and Empowerment Directorate of Social Justice and Empowerment

আমাৰ ইতিহাস

  • ১৯৬০ চনত অসম চৰকাৰে সমাজ কল্যাণ সঞ্চালকালয়ৰ সৃষ্টি কৰিছিল। এই সঞ্চালকালয়টোৱে ২০-০৯-১৯৬৫ তাৰিখে স্থায়িত্ব লাভ কৰে যদিও ১৯৯১ চনৰ ১৯ ছেপ্তেম্বৰ তাৰিখেহে পূৰ্ণ পৰ্য্যায়ৰ সমাজ কল্যাণ প্ৰশাসনিক বিভাগ ৰূপে ই স্বীকৃতি লাভ কৰে।

    শিশু, মহিলা আৰু প্ৰতিবন্ধী সকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অত্যাধিক মাত্ৰাতা সামাজিক সচেতনতা বৃদ্ধি পোৱা বাবেই আগন্তুক বৰ্ষ সমূহত সমাজ কল্যাণ বিভাগৰ দায়িত্ব আৰু দায়বদ্ধতা অভুতপূৰ্ব ভাৱে বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। অসুৰক্ষিত জনৰ বাবে সুৰক্ষা, যত্নৰ অভাৱত থকা জনৰ বাবে তত্বাৱধান সুনিশ্চিত কৰা আৰু লগতে চৰকাৰৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰা আৰু যত্ন লোৱাৰ উপৰিও এই ক্ষেত্ৰত আগবাঢ়ি অহা বেচৰকাৰী সংগঠন/প্ৰতিষ্ঠান সমূহকো উত্সাহ যোগোৱাৰ মাজেৰে শিশু, মহিলা আৰু শাৰিৰীক ভাৱে অক্ষম লোক সকলৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাৰ এক পৰিবেশ গঢ়ি তোলাৰ বাবে সমাজ কল্যাণ বিভাগ দায়বদ্ধ।