মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Social Justice and Empowerment Directorate of Social Justice and Empowerment

বিশেষভাৱে অক্ষম সকলৰ প্ৰমাণ-পত্ৰৰ বাবে আবেদন

মূল বিষয়:

  • বিশেষভাৱে অক্ষম প্ৰমাণপত্ৰৰ দ্বাৰা আচণিসমূহৰ সুবিধা লাভ কৰিব পাৰি।
  • চিকিৎসা কৰ্তৃপক্ষক চিকিৎসা প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বাবে নিৰ্বাচন কৰা হৈছে।
  • বিকলাংগ সকলৰ চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকক নিযুক্ত কৰা হৈছে।
  • একাধিক অক্ষমতা থকাসকলৰ বাবে জিলাখনৰ আয়ুক্তৰ দ্বাৰা এখন সমিতি গঠন কৰি দিয়া হয়।

অৱলোকন

বিকলাংগ ব্যক্তিসকলক একোখনকৈ ব্যক্তিগত বিকলাংগ পৰিচয় দিয়াবৰ বাবে আৰু বিকলাংগসকলৰ বাবে এখন ৰাষ্ট্ৰীয় ডেটাবেছৰ গঠন কৰিবৰ বাবে বিকলাংগসকলৰ ব্যক্তিগত পৰিচয় পত্ৰ আচনিৰ প্ৰৱৰ্তন কৰা হৈছে। এই প্ৰকল্পই গাওঁ পৰ্যায়, খণ্ড পৰ্যায়, জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায়ৰ সকলো তথ্য সংগ্ৰহ কৰি ৰখাত উপভোক্তাসকলক যথেষ্ট পৰিমাণে সহায় কৰে।

অসম চৰকাৰে চিকিৎসা কৰ্তৃপক্ষক বিকলাংগসকলৰ বাবে প্ৰমাণপত্ৰ জাৰি কৰাৰ নিৰ্দেশ দিছে।

প্ৰক্ৰিয়া

তলৰ অনুসূচী-১ ত দিয়া নিৰ্দেশনা অনুসৰণ কৰক।

অৰ্হতা

  1. ব্যক্তিগৰাকী ভাৰতীয় নাগৰিক হ’ব লাগিব।
  2. ব্যক্তিগৰাকী শাৰিৰীক ভাৱে বিকলাংগ হ’ব লাগিব।

প্ৰয়োজনীয় নথি-পত্ৰ

  1. ৰোগীৰ হস্তাক্ষৰ/আঙুলিৰ ছাপ।
  2. চিকিৎসালয়ৰ মুখ্য বিষয়া/অধিকাৰীৰ প্ৰতিস্বাক্ষৰিত কপি।
  3. পাচপৰ্ট ফটো।

আৱশ্যকীয় সময়সীমা

সময়সীমা: স্থায়ী

কিদৰে আবেদন কৰিব

অনুসূচী-১ ত দিয়া ধৰণে নিৰ্দেশনা সমূহ পালন কৰক:

অনুসূচী-১বিকলাংগতা প্ৰমাণপত্ৰ পাবৰ বাবে নিৰ্দেশনাডাউনলোড


সেৱাৰ প্ৰকাৰ

অফলাইন আৰু অনলাইন দুই ধৰণে উপলব্ধ।

কাক যোগাযোগ কৰিব

সামাজিক ন্যায় আৰু সশক্তিকৰণ বিভাগ, অসম।